COVID-19

বিশ্ব স্বাস্থ্য সংস্থাই ক’ৰ’না ভাইৰাচ বেমাৰ(COVID-19)সম্পৰ্কে বিস্তৃত জানিবলৈ দিছে ৷ বিশ্ব স্বাস্থ্য সংস্থাই নিৰন্তৰ এই বেমাৰৰ প্ৰসাৰৰ ওপৰত নিৰিক্ষণ আৰু সতৰ্কতা গ্ৰহণ কৰি আহিছে ৷
১)ক’ৰ’না ভাইৰাচ কি ?
বহুবিলাক ভাইৰাচৰ এটা বৃহত পৰিয়াল হ’ল ক’ৰ’না ভাইৰাচ যিয়ে জন্তু আৰু মানুহৰ শৰীৰত বেমাৰ সৃষ্টি কৰিব পাৰে ৷ মানুহৰ গাত বহুবিধ ক’ৰ’না ভাইৰাচে শ্বাস প্ৰশ্বাসৰ অঙ্গক সংক্ৰমন কৰি চৰ্দিৰ পৰা আৰম্ভ কৰি বহু বিধ বেমাৰৰ লক্ষণ সৃষ্টি কৰাৰ উপৰিও শ্বাস প্ৰশ্বাসৰ অঙ্গত অতি মাৰাত্মক তাৎক্ষণিক শ্বাস প্ৰশ্বাসৰ লক্ষণ (SEVERE ACUTE RESPIRATORY SYNDROME) এ দেখা দিয়ে ৷ অতি শেহতীয়াকৈ আৱিস্কাৰ হোৱা ক’ৰ’না ভাইৰাচ বিধে ক’ৰ’না ভাইৰাচ বেমাৰ ক’ভিড-১৯(COVID-19) সৃষ্টি কৰে ৷


অতি শেহতীয়াকৈ আৱিস্কাৰ হোৱা ভাইৰাচ ক’ৰ’না ভাইৰাচ ৰ দ্বাৰাই সংক্ৰমিত হ’লে ক’ভিড-১৯(COVID-19) বেমাৰ হয় ৷ চীন দেশৰ য়ুহান চহৰত ২০১৯ৰ ডিচেম্বৰ মাহত ইয়াৰ প্ৰাদুৰ্ভাৱ নেদেখালৈকে এই ভাইৰাচ আৰু বেমাৰটোৰ সম্পৰ্কত জানিব পৰা নগৈছিল ৷ ক’ভিড-১৯ ত সাধাৰণ ভাৱে দেখা পোৱা লক্ষণ সমুহ হ’ল জ্বৰ ,ভাগৰ লগা আৰু শুকান কাহ ৷ কিছুমান ৰোগীৰ একেৰাহে বিষ-বেদনা , নাক বন্ধ হোৱা,নাকৰ পৰা পানী ওলোৱা,ডিঙিৰ ক্লেশ আৰু পাতল পায়খানা হয় ৷এই লক্ষণ সমুহ মৃদু ভাৱে আৰম্ভহৈ ক্ৰমাত আগবাঢ়ে ৷ কিছুমান ব্যক্তি সংক্ৰমিত হ’লেও তেওঁলোকৰ গাত একো লক্ষণ দখা নাযায় আৰু গা বেয়া লগা অনুভৱ নকৰে ৷ সৰহভাগ ৰোগী ( প্ৰায় ৮০%) কোনো চিকিৎসাৰ প্ৰয়োজন নোহোৱাকৈয়ে আৰোগ্য লাভ কৰে ৷ ক’ভিড-১৯ ত আক্ৰান্ত ৬ জনৰে ১ জনে গুৰুতৰ ভাৱ অসুস্থ হৈ উশাহ-নিশাহৰ কষ্টত ভুগে ৷ বয়োজেষ্ঠ সকল , যিকলে পুৰ্বৰ পৰা কিছুমান ৰোগ যেনে উচ্চ ৰক্তচাপ, হৃৎপিণ্ডৰ সমস্যা বা মধুমেহ আদিত ভুগি থাকে তেওঁলোক গুৰুতৰ ভাৱে অসুস্থ হোৱাৰ সম্ভাৱনা থাকে ৷ জ্বৰ, কাহ আৰু উশাহ নিশাহৰ সমস্যাত ভোগা সকলে চিকিৎসা ল’বলৈ আগ্ৰহ কৰা উচিৎ ৷

ক’ভিড-১৯ ৰ লক্ষণ সমুহ কি কি ? ক’ভিড-১৯ কেনেদৰে বিয়পে ?
মানুহৰ গাত বহুবিধ ক’ৰ’না ভাইৰাচে শ্বাস প্ৰশ্বাসৰ অঙ্গক সংক্ৰমন কৰি চৰ্দিৰ পৰা আৰম্ভ কৰি বহু বিধ বেমাৰৰ লক্ষণ সৃষ্টি কৰাৰ উপৰিও শ্বাস প্ৰশ্বাসৰ অঙ্গত অতি মাৰাত্মক তাৎক্ষণিক শ্বাস প্ৰশ্বাসৰ লক্ষণ (SEVERE ACUTE RESPIRATORY SYNDROME) এ দেখা দিয়ে ৷ অতি শেহতীয়াকৈ আৱিস্কাৰ হোৱা ক’ৰ’না ভাইৰাচ বিধে ক’ৰ’না ভাইৰাচ বেমাৰ ক’ভিড-১৯(COVID-19) সৃষ্টি কৰে ৷
এজন ব্যক্তিয়ে আন এজন ব্যক্তি যাৰ গাত সেই ভাইৰাচ থাকে তাৰ পৰাই ক’ভিড-১৯ সংক্ৰমিত কৰি ল’ব পাৰে ৷ ক’ভিড-২৯ ত ভুগি থকা এজন ব্যক্তিয়ে নাক,মুখেৰে যেতিয়া কাহত বা নিশাহত সৰু সৰু কণিকা বোৰ এৰি দিয়ে তাৰ দ্বাৰাই আনৰ গালৈ বিয়পি যাব পাৰে ৷ এই সৰু সৰু কণিকাবোৰ কোনো বস্তু অথবা এজন ব্যক্তিৰ উপৰি পৃষ্ঠভাগত পৰি ৰয় ৷ আন ব্যক্তিয়ে এই বস্তু বা আনৰদেহৰ উপৰি পৃষ্ঠভাগত স্পৰ্শ কৰাৰ পাছত চকু,নাক বা মুখত ছুই এই ক’ভিড-১৯ সংক্ৰমিত কৰি ল’ব পাৰে ৷
ক’ভিডত ভোগা এজন ব্যক্তিয়ে যেতিয়া কাহে তিতিয়া সেই ব্যক্তিৰ পৰা নিৰ্গত সৰু সৰু কণিকাই এক মিটাৰ দূৰত্বত থকা আন ব্যক্তিক সংক্ৰমিত কৰিব পাৰে ৷

মই নিজক সুৰক্ষিত কৰি ৰাখিবলৈ আৰু ক’ভিড-১৯ ভাইৰাচ বিয়পি নপৰাৰ বাবে কি কৰিব পাৰো ?
সকলোৰে বাবে সুৰক্ষাৰ সাৱধানী ব্যৱস্থাবোৰ( PREVENTIONS):
১)নিয়মীয়াকৈ আৰু ভালদৰে স্পিৰিতযুক্ত বস্তুৰে হাত মোহাৰিব তাৰ পাছত তাক চাবোন আৰু পানীৰে ধুই পেলাব ৷ এই কামটোৱে আপোনাৰ হাতত লাগি থকা ভাইৰাচবোৰ মাৰি পেলাব ৷
২)আপোনাৰ ওচৰত থকা কাহমৰা বা হাঁচি মৰা ব্যক্তিৰ পৰা অন্তত: ১ মিটাৰ দূৰত্ব বৰ্তাই ৰাখিব ৷ নহ’লে সই ব্যক্তিজন ৰ পৰা সাম্ভাৱ্য ক’ভিড-১৯ ভাইৰাচ ক আপোনাৰ উশাহে লৈ ল’ব পাৰে ৷
৩) চকু, নাক আৰু মুখ ছুই নাথাকিব ৷ আপোনাৰ হাতে য’তে ত’তে ছুই থাকে বাবে ইয়ে ভাইৰাচ কঢ়িয়াই আনিব পাৰে আৰু সেই হাতে চকু,নাক আৰু মুখৰ মাধ্যমেৰে ভাইৰাচ শৰীৰৰ ভিতৰলৈ বিয়পাই দিব পাৰে ৷
৪) মানুহৰ কাষত মুকলিকৈ কাহ বা হাঁচি নামাৰিব ৷ সৰু সৰু কণিকায় ভাইৰাচ কঢ়িয়ায় , সেয়ে উশাহ নিশাহ লওঁতে যাতে বিশুদ্ধ বায়ু সেৱন কৰা হয় তাৰ প্ৰতি সজাগ হ’ব লাগে ৷ এই সাৱধানতাৰে ক’ভিড-১৯ ভাইৰাচৰ পৰা আমি সুৰক্ষিত হৈ থাকিব পাৰিম ৷
৫) গা বেয়া লাগিলে ঘৰৰ বাহিৰ নহ’ব ৷আপোনাৰ যদি জ্বৰ, কাহ আৰু উশাহ -নিশাহত কষ্ট হৈছে চিকিৎসকৰ কাষ চাপক ৷
৬) যদি কোনোবা বয়োবৃদ্ধ, মধুমেহ, হৃতপিণ্ড আৰু হাঁও-ফাঁওত ভোগা ব্যক্তি হয় তেন্তে তেওঁ ঠাই ঠাইলৈ চলন ফুৰণ কৰা অনুচিৎ ৷ এই ব্যক্তিসকল সহজে ক’ভিড-১৯ ৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা

People with mild symptoms who are otherwise healthy should self-isolate and contact their medical provider or a COVID-19 information line provided by Government for advice on testing and referral.
People with fever, cough or difficulty breathing should call their doctor and seek medical attention.